ভগৱা্নক বাৰু কিবা এটা সৃষ্টি কৰিবলৈ কিমান সময় লাগে? নিশ্চয় কেইটামান মূর্হুত। কিন্তু এটা সৃষ্টিত তেওঁৰও বহু সময় লাগিছিল।
ছদিন ধৰি ঈশ্বৰে কাম কৰি থকা দেখি এজন দেবদূতে অবাক বিশ্ময়ত প্রশ্ন কৰিলে,"প্রভূ, মাত্র এটি সৃষ্টিৰ বাবে আপুনি ইম্মান সময় লৈছে! আপুনি কি সৃষ্টি কৰিব বিচাৰি্ছে?"ঈশ্বৰে কলে- মই এগৰাকী মা্তৃ সৃষ্টি কৰিছো। যি গৰাকীয়ে অকলে ১০ জনেৰ কাম কৰিব লাগিব।কেৱল চাহ আৰু উচ্ছিস্ট খায়েই জীয়াই থাকিব পাৰিব তেওঁ। তিনিটা শিশু একেলগে থাকিব পাৰিব তেওঁৰ কোলাত আৰু ছয় যোৰহাত থাকিব তেওঁৰ।
-তিন যোৰ চকু থাকিব।
- তিন যোৰ চকু থাকিব ?
-অ', তিন যোৰ চকু । সন্তান যেতিয়া কাষত থাকিব, তেতিয়া এযোৰ চকুৰে তেওঁ তাহাতৰ ওপৰত নজৰ ৰাখিব। সন্তান যেতিয়া দূৰত থাকিব, তেতিয়া এযোৰ চকুৰে তেওঁ তাহাতৰ ওপৰত নজৰ ৰাখিব, দ্বিতীয় যোৰ চকুৰে তেওঁ তাহাতি কি কথা লুকুৱাইছে বা লুকুৱাব বিছাৰিছে তাৰ সম্ভেদ ল'ব।
আৰু তৃতীয় যোৰ চকুৰে তেওঁ কি কৰিব?
-সেই তৃতীয় যোৰ চকুৰে সন্তানৰ চকুলৈ নোচোৱাকৈ্য়ে আৰু একো নোকোৱাকৈয়ে তেওঁ সিহঁতক জনাই দিব পাৰে যে তেওঁ সিহঁতক কিমান ভাল পায়।
-ছয়দিন ধৰি আপুনি একেৰাহে কাম কৰিছে ঈশ্বৰ, আজি আপুনি আলপ বিশ্রাম লোৱা দৰকাৰ।দেবদূতে কলে।
উত্তৰত ঈশ্বৰে কলেযে এতিয়া বিশ্রমৰ প্রশ্নই নুওঠে। মই মোৰ সবাতোকৈ প্রিয় সৃষ্টিৰ প্রায় শেষ পর্যায় পাইছো। অসুস্থ হলে তেওঁ নিজেই নিজেকে সুস্থ কৰি্তুলিব। আৰু মাত্র এমুঠী চাউলেৰে ছজনীয়া পৰিয়াল এটা অনায়াসে টোপনি যোৱাব পাৰে তেওঁ।
বিস্মিত দেবদুতে ঈশ্বৰৰ অনুমতিত সচেক্ষে এবাৰ মা নামেৰ বিস্ময়কৰ নাৰীক স্পর্শ কৰি কৈ উথিল হে ঈশ্বৰ আপুনি তেওঁক ইমান কোমল কৰি সৃষ্টি কৰিছে!?
তুমি ধাৰনাই কৰিব নোৱাৰা এই নৰম মা প্রয়োজনত কিমান কঠিন হব পাৰে। তুমি ভাবিবই নোৱাৰিবা যে তেওঁৰপক্ষে কি কি অসম্ভব কর্ম সম্পাদন কৰিব পাৰে। ধৈর্য শক্তিত তেওঁ হব তুলনাহীন আৰু ধাৰনক্ষমতাত সমুদ্রও হব তেওঁৰ তুলনাত অতিশয় ক্ষুদ্রাতিক্ষুদ্র।
-চিন্তা শক্তি থাকিবনে তেওঁৰ? চিন্তা কৰিব পাৰিবনে তেওঁ?
-কেৱল যে চিন্তা কৰিব পাৰিব তেনে নহয়, যুক্তি আৰু পৰামর্শ দিয়াৰ ক্ষেত্রত তেওঁ হ'ব অনন্য। ঈশ্বৰৰ অনুমতি সাপেক্ষে দেবদূতে আৰু এবাৰ স্পর্শ কৰিলে মা নামৰ বিস্ময়কৰ নাৰীৰ কপাল- কিন্তু ইয়াত বিন্দু বিন্দু পানী কিয় ঈশ্বৰ?
ঈশ্বৰে ক'লে-সেয়া পানী নহয়, অশ্রু।
-অশ্রু? অশ্রু কিয়?
মৃদু হাঁহি ইশ্বৰে ক্'লে এই অশ্রুই হৈছে তেওঁৰ সমস্ত আনন্দ-বেদনা-দুঃখ-কষ্ট-হতাশা-গৌৰব-ঘৃনা- মমতা-ভালবাসা আৰু একাকিত্ব প্রকাশৰ মাধ্যম।
এয়াই মা।