Monday, August 29, 2011

এটা নস্ট আবেলি

কোনোবা এটা দেওবাৰে সপ্তাহান্তিকাৰ এলেহুৱা নিদ্রাৰ কোলাৰ পৰা নিজকে বহু কস্টৰে মুক্ত কৰিছিলো মাত্র। মহা আৰামত চিগাৰেট টনি থকা আপুৱে কৈ উঠিল "বল আজি বিশ্ববিদ্যালয়ৰ দিনবোৰৰ নিচিনা কৈ মুকলি হৈ যাওঁ বল"! মনৰ মাজেৰে এসোতা বিজুলী দৌৰি যোৱা যেন লাগিল। জেক জপিয়াই ওঠিল। মইও প্রাৰাম্ভিক খুন্দাটো সম্ভালি লৈ হয়ভৰ দিলো।
তৎক্ষণাত সাজো হৈ চেকুঁৰ মেলিলো জালুকবাৰিলৈ। দুখন বাইকট তিনিটা এৰাল ছিগা গৰু। মনটোক ধৰি ৰাখিব পৰা নাই। চিধাই গৈছিলো নিজৰ হস্টেললৈ বুলি।
চিধাই গৈছিলো লংকেশ্বৰ আভিজ্ঞান আমাৰ বহু কাণ্ডৰ নিৰৱ সাক্ষী। গেটৰ মুখতেই শুনিছিলো...।
আগলি বতাহে কপালে
কলৰে পাতে।।
বুজো কি নূবূজো
চিনাকী কুলিৰে মাত।।
কাৰোবাৰ মিউজিক ছিস্টেমৰ পৰা ভাহি আহিছিল জয়ন্তদাৰ দৰদী কন্ঠ। নিজৰ কোঠাটো চাইছিলো নিজে পঢ়া টেবুল খন নিজে লাগোৱা পষ্টাৰ কেইখন..................।
আবেগ সামৰি পুনৰ বাইক ষ্টাৰত দিছিলো ইউনিচিতিৰ মার্কেট আভিমুখে।। পুনৰ আদ্দা দিছিলো কৃষ্ণচূঢ়াৰ ছাঁত স্প্রাইত খাই খাই।। মনত পেলাইছিলো সাগৰীকা বৰৰ্দলৈ্ক......।।
আগতে ক্লাচ শেষ কৰি মৰা আদ্দাবোৰ।।
ভেলেন্টাইন দেৰ দিনা ভেলেন্টাইন কার্ড জেৰক্স কৰি ছোৱালী হষ্টেলত নিজৰ নাম লিখি বিলাই দিয়া। ৰ'দ চাইদ ৰোমি' হৈ মইনা জোকোৱা আৰু হাফ কাটিং চাহ লৈ পৃথিৱী উদ্ধাৰৰ আচনি বনোৱা...।।
বহু নষ্টালজিয়া চকুৰ আগত আগাদেৱা কাৰিবলৈ ধৰিলে...
"বল মইনা জোকাৱ!" জেকৰ আচম্বিত প্রস্তাব......বল RCC4 ছোৱালী হষ্টেল যাৱ তাত মোৰ COUSIN SISTER ক লগ কৰাও হব আৰু আমাৰ মইনা চোৱা কাম ফেৰাও হব। সাতে পাচেঁ মিলি তাকে কৰি্লো। পিচে গেট খন পাৰ হ'ব নাপাওতেই মইনা সকৰ্লৰ মিঠা তিতকাৰী আৰম্ভ হৈ গ'ল। আমিও পিচ পৰা ভকত নহয়। প্রায় এঘণ্টা মান তাত কটাই আমি গলো নুনমাটীৰ ফালে আমাৰ হাতত আফুৰন্ত সময়।
তাত ঘুৰি পকী নির্ণয় কৰি্লো ভালুক চিকাৰ কৰা হওক, মানে beer খোৱা যাওক খাৰঘুলিত গৈ। ভবামতে কাম।। ভালুক চিকাৰ কৰি গুৱাহাটী খনৰ ৰূপ উপভোগ কৰি ঘৰ পাইছিলো প্রায় ১০ টামান বজাত। লগত আছিল এটা ফ্রেচ মন............

Saturday, August 6, 2011

বাৰিষাৰ কিছু আবগুন্ঠনঃ

বাৰিষাৰ কিছু আবগুন্ঠনঃ

আকৌ মেঘৰ মাদল বজাই চিক-মিক বিজুলীএ নাচোন আৰম্ভ কৰাৰ লগে লগে মনটোএ মোৰ শৈশৱৰ দিন বোৰলৈ উৰা মাৰিছে। আজিও মোৰ বাবে বৰষা বৰ প্রিয়। তাহানিতে প্রাথমিক বিদ্যালয়ত পঢ়ি থাকোতে বাৰিষা আহিল বুলিলে মনটো উগুল থুগুল হয়। কাৰণ গৰমৰ বন্ধ পোৱাৰ আগলি বতৰা যেন বাৰিষাৰ মেঘৰ গাজনীয়ে সকলোকে জনাই দিয়ে। খাল পুখুৰীবোৰ উপচি পৰে। মোৰ সৰু মামাৰ লগত বৰশী বোৱা আৰু খেৱালী জাল মাৰিবলৈ যোৱাতো গৰমৰ বন্ধ বোৰৰ প্রধান আকর্ষণ আছিল।

সৰু সৰু ল’ৰা বোৰে মিলি স্কুল ফিল্ডত বল খেলিছিলো। বল খেলা নিমিত্তহে আছিল, পানী খেলাই আছিল আমাৰ আনন্দ। খুব জোৰকৈ বৰষুণ দিয়াৰ পাছত চোতালত বলা পানীৰ সোঁতত কাগজৰ নাও চলাই চলাই ভাবিছিলো আমাৰ নাও বোৰ বৰষুণৰ পানীয়ে উটোৱাই নি সাগৰত পেলাবগৈ। কিতাপত পঢ়া বিভিন্ন সাগৰ বোৰৰ মাজৰ কোনখনত পৰিবগৈ তাকে সুধি মাক আমনি কৰিছিলো। কেতিয়াবা খুব বেছি বৰষুণ দিলে আমাৰ খেলা বন্ধ হৈছিল, তেতিয়া ৰামায়ণ-মহাভাৰত চাই বনাই লোৱা বাহঁৰ ধনু খনেৰে আকাশখন ফুটাই দিয়াৰ কথা ভাবিছিলো।

বৰষুণৰ দিন কেইটাত আৰু এটা দুস্টালি কৰিছিলো। কল গছৰ ভূৰ বনাই চলাইছিলো। এবাৰ যিহে কাণ্ড হ’ল, আমি কেইটামান তিখৰে মিলি ককাহঁতৰ কল গছ কাটি ভূৰ বনোৱাত ব্যস্ত। তেনেতে আহক নর্মাল স্কুলৰ ৰিটায়াৰড শিক্ষক ককা সেইফালে, আমি দেখি দিলো ফাৰিং চিটিকা। আমাৰ মাজৰে এটাই ভয়তে বাট পাহৰি ককাৰ আগত পৰক, ককাই ৰংগা চকু দেখুৱাই তাক কটা কল গছ জোৰা লগাবলৈ আদেশ দিলে। তাৰ সেই ফালেই পেন্ট তিতি গ’ল। তাৰ পিছতো আমাৰ আভিযান চলি আছিল।

পথাৰত হাল বোৱা আৰু ভূঁই ৰুৱা কেইদিনত আমাৰ আনন্দ আৰু বাঢ়ে। ৰাতি পুৱা পথাৰৰ বোকা ফালি হালোৱা ভাত দিবলৈ যাৱ, লগতে নিজৰ ভাত কেইটাও বান্ধি লৈ যাৱ। পথাৰৰ আলিৰ মোৰত বহি ভাত খোৱাৰ আমেজই বেলেগ। ভাত খোৱাৰ পিছত নাংগলৰ সিৰলুত ক’মাই থকা মোৱা মাছ বোৰ খেদি খেদি ধৰিছিলো। কেতিয়াবা হালোৱাৰ লগত ভাত নাখাই, সেই সুযোগতে নাংগলত হাত থৈ বিখ্যাত খেতিয়ক হোৱাৰ সপোন দেখিছিলো আৰু গৰু হালে কথা নুশুনাৰ বাবে সেই সপোন নিমিষতে ধুলিস্যাৎ হৈছিল।

গাওৰ আলি বোৰত জমা হোৱা ঘোলা পানীবোৰে আজিৰ দৰে তাহানি আমনি নকৰিছিল,বৰঞ্ছ ভাল হে লাগিছিল। আলিৰ কাষৰ আমলখি বোৰৰ কেহাঁ সোৱাদ আজিও লাগি আছে, বৰং খোৱাৰ পিছত পানী খালে মিঠা লগাৰ দৰে সোঁৱৰণীৰ কুঁৱলী আধিক মাদকতাময় কৰিছে।

ধ্রুৱজ্যোতি গগৈ

তুমি


তুমি

আহিনৰ মন জুৰোৱা বতৰত তোমালৈ মনত পৰে!

এনে হ'ব নালাগিছিল দেখুন,

তোমাক এৰি আহা বহু দিন হ'লতো;

তোমাৰ খবৰ মোৰ ওচৰত নাই,

তুমি আগৰ দৰেই আছানে?

তুমি স্প্রাইট ভাল পাইছিলা নহয় !

আচ্ছা তুমি আজি কালি জিনচ পিন্ধানে...

নাকফুলি, পায়ল ,খাৰু????

AIDC ত নামি বাৰু মোৰ কথা ভাবানেকি?

তুমি দিয়া দামী কামিজ কেইটা ওৱলি গৈছে।।

মই আজিকালি সৰুজিনী মার্কেটৰ দেৰ শ টকীয়া কাপোৰ পিন্ধো!

মানুহৰ ওচৰলৈ যাবলৈ পোচাক নালাগে,

লাগে এটা মন!

তোমাৰ মনটো বৰ ডাংগৰ আছিল;

ডাংগৰ সপোন দেখিছিলা।।

মই ভয় খাইছিলো সপোনৰ দৌৰত তোমাক হেৰুৱাম বুলি!!

সপোনৰ ভৰত তুমি নিজকে হেৰুৱাই পেলোৱা নাইতো?

নাভাগৰিবা, মনত ৰাখিবা ...

মানুহৰ কাষ চাপিবলৈ লাগে এটা ডাংগৰ মন

য'ত থাকে সৰু সৰু সপোন...।।

ধ্রুব্জ্যোতি গগৈ।