Saturday, August 6, 2011

তুমি


তুমি

আহিনৰ মন জুৰোৱা বতৰত তোমালৈ মনত পৰে!

এনে হ'ব নালাগিছিল দেখুন,

তোমাক এৰি আহা বহু দিন হ'লতো;

তোমাৰ খবৰ মোৰ ওচৰত নাই,

তুমি আগৰ দৰেই আছানে?

তুমি স্প্রাইট ভাল পাইছিলা নহয় !

আচ্ছা তুমি আজি কালি জিনচ পিন্ধানে...

নাকফুলি, পায়ল ,খাৰু????

AIDC ত নামি বাৰু মোৰ কথা ভাবানেকি?

তুমি দিয়া দামী কামিজ কেইটা ওৱলি গৈছে।।

মই আজিকালি সৰুজিনী মার্কেটৰ দেৰ শ টকীয়া কাপোৰ পিন্ধো!

মানুহৰ ওচৰলৈ যাবলৈ পোচাক নালাগে,

লাগে এটা মন!

তোমাৰ মনটো বৰ ডাংগৰ আছিল;

ডাংগৰ সপোন দেখিছিলা।।

মই ভয় খাইছিলো সপোনৰ দৌৰত তোমাক হেৰুৱাম বুলি!!

সপোনৰ ভৰত তুমি নিজকে হেৰুৱাই পেলোৱা নাইতো?

নাভাগৰিবা, মনত ৰাখিবা ...

মানুহৰ কাষ চাপিবলৈ লাগে এটা ডাংগৰ মন

য'ত থাকে সৰু সৰু সপোন...।।

ধ্রুব্জ্যোতি গগৈ।

No comments:

Post a Comment