Saturday, November 12, 2011

আঘোণ আৰু মোৰ ল'ৰালি

ইৰিকতি মিৰিকতি বাহৰ শলা,
সোণ গুটিৰ গাৱলৈ যাবানেকি ব'লা।।
********
পকা ধানৰ মাজে মাজে
সৰু সৰু আলি অ সৰু সৰু আলি,
আলিত পৰি গীত যোৰে
জাক বালি মাহি অ জাক বালি মাহি!

আঘোণ সোমাল। পথাৰৰ সেউজীয়া ধাননী দৰাই সোণোৱালী বৰণ ললে। পকা ধানৰ গোন্ধে চৌদিশ আমোল মোলাই গৈছে। লমা-লমে লাগি থকা ৰবাব টেঙা কেইটাইও বৰণ সলাই পেলাইছে। ধাননীৰ মাজৰ পৰা ভাহি আহা নৰা পেঁপাৰ শব্দই ল'ৰালি সোঁৱৰাই দিছে। ককালত তামোলৰ সাচতি খন গুজি লৈ দাৱনী সকল আগবাঢ়িছে সোণ গুটি বোটলিবলৈ।
এনেকুৱা দিনবোৰত মই সৰু হৈ থাকোতে বহুত উপভোগ কৰিছিলো। ৰবাব টেঙ্গা কাটি ৰ'দত বহি খাবলৈ আয়োজন পর্ব চলিছিল। পকা পকা ৰবাব টেঙ্গা পৰা লগ মিলাবলৈ বৰ টেঙ্গা আনি আগলি কল পাতত নিমখ জলকিয়া তেল মিহলাই পাতে পাতে ভগাই দিয়া লৈকে জিভাৰ পানী পৰি গৈছিল। সেহাই সেহাই খোৱা আৰু যিটো পাত্রত প্রথম সকলো বোৰ মিলোৱা হয় তাৰ তলত থাকি যোৱা ৰস খিনি খাবলৈ আমাৰ সমনীয়া কেইটাৰ মাজত এক প্রকাৰ কাজিয়াই হৈছিল।
এনে দিনত পুখুৰী আৰু খাল বোৰত পানী শুকাই গৈছিল। আমি তাকে ভেটি লৈ সিচিছিলো। মাছ পোৱা নোপোৱাটো গৌ্ণ আছিল, প্রধান কাৰণ আছিল বোকা খচা। কেতিয়াবা এনে হৈছিল যে দিনটো মাছ ধৰি শেষত ঘৰলৈ মাত্র এটা গৰৈ মাছ লৈ উভতিছিলো। লাহনিৰে বা ডহটিৰে পানী সিচা, পাৰ ভাংগিলে লগে লগে মাটি দি বাত বন্ধ কৰা। শৈশৱৰ উন্নমাদনাই ভৰি আছিল প্রটিটো পল অনুপল।
এনে সময়তে শেষ হৈছিল বছেৰেকীয়া পৰীক্ষাৰ। স্কুলৰ ৰুটিনত আবদ্ধ জীৱনে পাইছিল আন এক মুক্তিৰ সোৱাদ। ৰাতি পুৱাৰ পৰাই আৰম্ভ হৈছিল নানা আভিযানৰ আচনি। আমাৰ ঘৰৰ আগফালে আছিল পথাৰ, তাৰ দাতিতে আছিল কেইজোপামান আমলখী গছ। ফৰমটি মাৰি আমলখি পাৰিছিলো আৰু চোলাৰ জেপত ভৰাই থৈ আবেলি মাৰ গালি খাইছিলো।
ৰাতি পুৱা আৰু আবেলি লেচেৰি বুতলিছিলো। দুপৰী্য়া দাৱনীৰ লগত পথাৰলৈ গৈ নৰা পেপা বজাই বজাই পথাৰৰ আলিত টহল দিছিলো। চেচোৰৰ পম খান্দি খান্দি ধানৰ গুৰি উভালি পেলাই দাৱনীৰ ধমক খাইছিলো। নৰাৰ পাইপ লগাই ঘৰৰ পৰা দি যোৱা অৰেঞ্জ স্কোৱাচৰ আমেজ লৈছিলো। ধান গছৰ মাজে মাজে ফোটালি বিছাৰি হাইৰাণ হৈছিলো। দাৱনীৰ ভাগৰ ৰবা্ব টেঙ্গাৰ ভাগ লৈ মাজে মাজে কাচি খনেৰে কেই গচা মান ধান কাটি চাইছিলো। হাত সিৰামূৰি ধৰিলে ধানৰ থোক বোৰ চেদেলি ভেদেলি হৈ হাতৰ পৰা খহি পৰিছিল। বিৰিয়াৰে ধান কঢ়িয়াওতে হোৱা শব্দটো শুনিবলৈ মামাহতৰ পিচে পিচে খোজ লৈছিলো। আৰু লক্ষী্মি নিয়াৰ দিনা জেওৰা খুটি এদালকে বিৰিয়া বনাই দুটা ধানৰ মুঠি সহ লাখিমী গোছাটো ঘৰলৈ আনিছিলো।
আজিও সেই দিনবোৰ সোৱৰি ভাল লাগে।




No comments:

Post a Comment