- আমাৰ কণ'তিলৌএ এবাৰ এখন মচফলীয়া চহৰত শিক্ষকৰ চাকৰি পালে। ঘৰৰ পৰা আতৰ হোৱা বাবে তাতে তেওঁ এটি ভাড়া ঘৰ ঠিক কৰি্লে। লগত আৰু এজন। আমাৰ কণ'তিলৌ আকৌ ৰন্ধা বঢ়াত কেচা। বন্ধু জনে ৰান্ধে তেও খাই, বন্ধু নাথাকিলে মিতিৰ বিছাৰে। এদিন স্কুলৰ পৰা আহি পাই দেখে যে বন্ধু কৰবালে যাব উলাইছে। বন্ধুএ কলে যে তেওৰ এজন বন্ধু আৰু বন্ধু পত্নী ৰেলেৰে আহি আছে, তেও স্টেচনৰ পৰা তেখেত সকলক আনিব যায়। কণ'তিলৌৰ আজি ভাত ৰন্ধা পাল, গতিকে তেও আনি থোৱা মাছেৰে ভালদৰে এহাজ ৰান্ধিব লাগে। বন্ধু ওলাই গ'ল, কণ'তিলৌএ বৰ আদৰেৰে ভাত পানী ৰান্ধিবলৈ লাগিল। প্রায় দুঘন্টা মানৰ পিছত ভাত ৰন্ধা শেষ কৰি ভাগৰ লগাত কণতিলৌ শুই পৰি্ল। আধা ঘন্টা মান পিছত যেতিয়া বন্ধু আৰু আলহি ঘৰ পালেহিঃ
আলহি(বন্ধুক উদ্দেশি)= বৰ ভাগৰ লাগিছে হে!
বন্ধু = ভাত কেইটা খাই লৈ শুই যাব লাগিব! মোৰ ৰোমমেটে বৰ ভাল ৰান্ধে। কণ'তিলৌ কি ৰান্ধিলি অ'?
কণ'তিলৌ= মাছ ভাত।।ত্তহতে খা মোৰ টোপনি ধৰিছে পিছত খাম।
বন্ধু= (ভত বাঢ়িলৈ) আঞ্জা ক'ত?
কণ'তিলৌ= কিহৰ আঞ্জা!
বন্ধু= মাছৰ!
কণ'তিলৌ=তই মাছ ভাতহে ৰান্ধিব কৈছিলি সেয়ে মই মাছ ভাততে দিলো!
কণ'তিলৌৰ কথা শুনি বন্ধু সেইফালেই তাপ মাৰিলে..................।।
No comments:
Post a Comment