ৰাতিপুৱা চাহ কাপ খাই বৰুৱাই বাতৰি কাকত খন মেলি লৈছেহে, বৰুৱানীৰ চাইৰেনৰ দৰে মিঠা মাতটো ঠহৰকৈ কাণত পৰি্লহি,
'হেৰি ৰাতিপুৱাই দেশৰ খবৰলৈ ফালিব নেলাগে! গেছ নাই বুলি কালিয়েই কালো দেখুন, ফাগুক বিচাৰি চিলিন্ডাৰ এটাৰ যোগাৰ কৰিবলৈ খবৰ নাই!'
'ৰ'বাহে এই পুৱাতেনো ফাগু থেলাৱালা কত আহিব'
'মই হেইবোৰ নেজানো, অফিচলৈ যোৱাৰ আগত যদি ভাত লাগে গেছ আনি দিয়ক।'
আনিশ্চা স্বত্বেও পেপাৰ খন সামৰি বৰুৱাই গেছ বিছৰাৰ আভিযানত নামি পৰিল।
বৰুৱাৰ আচল নাম,এহ থাকক দিয়ক নামতনো কি আছে। বৰুৱা বৰুৱানীৰ সংসাৰ খন বেচি দিনৰ পূৰণি নহয়। বিশ্ববিদ্যালয়ত পঢ়ি থাকোতেই চাৰি চকুৰ মিলন, তাৰ পিছত অলপ সংঘাত পিছত হোমৰ গুৰি। বৰুৱা আছিল ৰসায়ন বিজ্ঞানৰ ছাত্র, পিছে এতিয়া ধূলিৰে পোত যোৱা ফাইলৰ ৰসায়নিক বিক্রিয়াই তেওৰহে হাপানি কৰিব যেন লাগে। কলেজৰ প্রফেচাৰ হবলৈ ৰৈ থাকিলে বৰুৱানীৰ সংগ হেৰুৱাৰ ভয়ত ৰাজ্য চৰকাৰৰ কলম পিতিকা কেৰাণী হলগৈ। মাজে মাজে লগৰ প্রফেচাৰ হোৱা কেইটাক দেখিলে কলিজাটো জলা পোৰা কৰে।
তা্তে ভূতৰ ওপৰত দানহ পৰাৰ দৰে খুলশালী কেইটাও হল গৈ ভাল চৰকাৰী বেচৰকাৰী চাকৰিয়াল। বৰুৱানীয়ে কৃঞ্ছচূড়াৰ ৰংগীন সপো্ন দেখি বৰুৱাৰ লগত প্রণয় বিবাহ হৈছিল যদিও লাহে লাহে মোহভংগ হৈছে। সৌ সিদিনা ডাংগৰ দাদাকৰ ভতিজা জী জনীৰ শান্তি বিয়া খাবলৈ বুলি বৰুৱাৰ পূৰণি মটৰ চাইকেলত বহি যাওতে যে ইম্মান বেয়া লাগিছিল।
আজি কালি বৰুৱাই social visit দিবলৈ প্রায় বন্ধই কৰিছে। কাৰণ তেনেধৰণৰ উপলক্ষ্য বোৰত প্রয়ে হোৱা নিগনি দৌৰৰ আলোচনাবোৰত ভাগ লোৱাৰ পিছত শ্রীমতীৰ মখ খন কেহৰাজ বৰণীয়া হোৱা তেও প্রায়ে লক্ষ্য কৰে। ৰাতি শোৱাৰ পৰৰ দূর্ব্বল মূহুর্ত্তবোৰত বৰুৱানীয়ে কৰা উক্ত আলোচনা বোৰৰ ৰোমন্থনে তেওক প্রায়ে আঘাত কৰে।
বৰুৱাৰ অফিচৰে শইকী্যাই আগৰ মাৰুতি খন থাকোতেই আৰু এখন ইন্ডিকা ললে। শইকীয়ানীয়ে তাৰ লগত মিলা পাটৰ কাপোৰ এযোৰ পিন্ধি আহি বৰুৱানীহঁতৰ ক্লাবত পার্টী দিছিল। তাকে লৈ বৰুৱানীৰ মুখ ফুলি আছে।
বৰুৱাই ফাগুলৈ বাট চাই থাকোতে তেওৰ নথকা বস্তু বিলাকৰ এখন তালিকা প্রস্তুত কৰিলেঃ-
এতা ঘৰ লাগে, পাৰি্লে দুমহলীয়া হলে ভাল। তাৰ পিছত পাৰিলে মহানগৰীৰ ফালে এটা ফ্লেট ল'ব লাগিব। এখন গাড়ী লাগে ফর্দ ফিয়েস্তা খন ভাল লাগে, পিছে এতিয়া সিমান টকা নাই সেয়ে, মাৰুতি ৮০০ খনেই চলাব লাগিব। বেংক বেলেঞ্চও বেছি নাই, পাৰিলে কেইলাখ মান টকা তাতো লাগে। এনে দৰে ভাবি ভাবি বৰুৱাই দেখিলে জীৱনত থকাতকৈ নথকাৰ সংখ্যা ইম্মানেই বেছিযে, সেইবোৰ হিচাপ কৰিবলৈ যাওতে ফাগু গৈ কোনোবা খিনি পালেগৈ। এনেদৰে নাই নাই বুলি কান্দি থাকোতে আৰু বা কিমান ঘটনা গম নোপোৱাকৈ গুছি যাব।
No comments:
Post a Comment