Wednesday, November 23, 2011

মবাইলে কাঢ়ি নিলে মোৰ একান্ত সময়!

অফিচৰ পৰা আহি চাহ একাপ বনাই বেলকনি খনত বহি দিনটোৰ খতিয়ান লবলৈ সদায় বহা মোৰ মহানগৰীয়া জীৱনৰ আন্যতম বিলাস। পিছে যেতিয়াই কোনো এক বিষয়ত মনোযোগ দিবলৈ চেস্টা কৰো তেতিয়াই অতি নির্দয় ভাবে বাজি ওঠে মোৰ মবাইলটো। উফফ......।।
বিজ্ঞানৰ আবিস্কাৰৰ প্রতি মোৰ কোনো দিনেই বিৰূপ মনোভাব নাই। মবাইলৰ আগমনে আমাৰ জীৱন ধাৰাত বহু যোগাত্মক পৰিৱর্তন আনিছে। যোগাযোগৰ ক্ষেত্রত বৈপ্লৱিক পৰিবর্তন আনা এই মবাইল যন্ত্রটোৱে মোৰ পৰা মোৰ একান্ত সময়বোৰ কাঢ়ি নিছে। যি সময়ত মই কেৱল মোৰ লগত থাকিব বিচাৰো সেই সময়তে ই বাজি উঠি মোৰ একান্ততাত ব্যাঘাত জন্মায়।
আগয়ে কোনো বন্ধুৰ ঘৰত গৈ বন্ধুক ল'গ নাপাই তেওঁৰ পৰি্যালবর্গৰ লগত কথা পাতি, তেওঁলোকৰ লগতো এটা সৌহাদ্যপূণ সম্পর্ক গঢ়ি উঠিছিল। কিন্তু এই মবাইলটো হোৱাৰ পৰা বন্ধুক লগ কৰাৰ আগতে ফন কৰি লওঁ বাবে সেই চাহ কাপৰ আধ্যা পৰি্ল।
আজৰি সময়ত বহুদিনৰ পৰা হেপাহ কৰি থকা কিতাপ খন মেলি ল'বহে আহিব নহয় আপদীয়া ফ'নটো! যেনেতেনে ফ'নটো থৈ লাহে লাহে চৰিত্রাৰ ভিতৰত সোমাব আৰম্ভা কৰিছোহে আকৌ হেই আপদীয়া ফনটো। কিতাপ পঢ়াৰ আগ্রহ সিমানতে ইতি প...
চিনেমা চাব গলেও ৰক্ষা নাই, কিমান উঠি আহি ফন ৰিছিভ কৰি থাকিম আৰু। সেয়েহে আজি কালি হেই ফেৰা নকৰাই হ'লো।
এতিয়াটো শেনৰ এজাত। ৩জি ল'গা ফ'নটো হোৱাৰ পৰা ফেচবুক, টুইটৰ, আৰকুটত চকু ফুৰাই নাথাকিলে যেন পৃথিবীত মহা-প্রলয়হে হ'ব। মনৰ উচ-পিচনি কাৰ মেছেজ বা আহিল...
আগতে বন্ধু মহলত মোৰ এটা নাম আছিল যে মই সৰু ল'ৰা ছোৱালীৰ লগত খুব সহজে মিলি যাব পাৰো বুলি। পিছে আজি কালি পুছকা- পিছকি বোৰে দেখোন মোৰ লগ লাগে মবাইলটো পাবৰ কাৰণেহে। আঙ্কল আমুক হে, আঙ্কল তমুক হে...পিছে এবাৰ মবাইল হাতত পৰাৰ পিছত কৰ অঙ্কল ক'ত গল পাত্তা নাই!
চাওক চোন ইম্মান আত্যাচাৰ...............।।

No comments:

Post a Comment