আশা কৰো মোৰ চিতাৰ কাষত তোমাৰ সহাৰি পাম...।"
ড০ ভুপেন হাজৰিকা দেবে আজি জীৱনৰ মায়া এৰি গুছি গল। এৰি গল অন্তহীন শূন্যতা। ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত জন্ম হোৱা এই দুৰন্ত আভিযাত্রী জনে ৮৫ বছৰৰ সুদীর্ঘ আভিযান সামৰণী মাৰিলে।
"ৰাইজ আজি ভাৱৰীয়া দেশেই নাট ঘৰ,
কোনে কি ভাৱ লোৱা সময় যে তাকৰ...।"
আজি সেই আগ্নি যূগৰ ফিৰিঙতি ভুপেনদাই নাটঘৰ সামৰি ইপাৰৰ বান্ধৱৰ আকূল আহবাঙ্ক সহাৰি জনাই আন পাৰলৈ মেলানি মাগিলে। চিৰ দিন অসমৰ স্মপ্রীতিৰ অক্ষুণ্ণ ৰখাৰ হকে গান গোৱা ভুপেনদাৰ পার্থিব দেহ আসম পাবহি ঈদৰ দিনা, ই নিশ্চয় এক কাকতলীয়া সংযোগ কিন্তু তথাপিও এবাৰ আদৃশ্যৰ কথা মনত পৰে।
"ৰমজানৰে ৰোজা গ'ল ওলাল ঈদৰ জোন,
চেনেহৰে মেহফিলতে বহে আজি কোন কোন?
আজিৰ ঈদ মজলিছতে একেলগে বহিছে
একেলগে বহিছে..."
আনফালে জীবনৰ মাহাসাগৰত সাতুৰি ভাগৰি পৰা নাছিল ভুপেনদা। গানক লৈ গৈছিল দেশে বিদেশে, চহৰে
নগৰে। তেওঁ সাক্ষী আছিল পৰাধীন ভাৰতৰ, মহাসমৰৰ, স্বাধীনতাৰ, পাক - ভাৰত যুদ্ধৰ, বৰ- আসম বিভাজনৰ, ৮৩ৰ আন্দোলনৰ, চীনা আক্রমণৰ। ইমান ঘটনা বহুল জীৱন তথাপিও হোৱা নাছিল ক্লান্ত।
"মই এটি যাযবৰ......।।"
মানৱ্তাৰ সংজ্ঞা বিছাৰি যাযাবৰ হোৱা ভূপেনদাই স্থায়ী ঠিকনা পালে!
"মই এই মাটিৰে ল'ৰা/ হৈছিলো আঘৰী মাটিৰ মোহ এৰি...।"
তেওঁৰ ইচ্ছা আছিল ৰূপহী আসমী আইৰ কোলাতে শেষ জিৰণী লোৱাৰ। আজি তেও জিৰাইছে।
ভূপেনদাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছো।
No comments:
Post a Comment