Sunday, December 4, 2011

ভগৱানৰ সন্ধানত

আজি বহুদিনৰ পৰা মই এটা অনুসন্ধানত আছো। অতি নিৰৱে সন্তপর্ণ ভাবে কৰি আছো এই অনুসন্ধান। বহু ঠাইত বহু কিতাপত,কিন্তু এতিয়ালৈ্কে বিচাৰি নাপালো। আপোনালোকে ঠিকেই ভাবিছে, মই বিচাৰি থকা আস্তিত্বটোৰ ধাৰণা কিছু পৰিমাণে কাল্পনিক। এৰা মই ভগৱা্নক বিছাৰিছো। বিভিন্ন ধর্ম্মৰ মতে তেওঁ আমাৰ মাজতে থাকে, তেন্তে তেওৰ আস্তিত্ব ক’ত।

কামে বেকামে মই বিভিন্ন ঠাই ঘূৰি ফুৰো, সেই সূত্রে মই দুই তিনিখন ধর্ম্ম স্থান ফুৰাৰ সৌভাগ্য হৈছে। পিছে বেছি ভাগতে যিহে হুলস্থুলিয়া কাৰবাৰ বা ভগৱা্নকলৈ কৰা বাণিজ্যিকী কৰণৰ প্রকোপ, তাত ভগৱা্ন থকাৰ সলনি পলাই পত্রং দিয়াৰ সম্ভাৱনা বেছি।

বেছি ভাগ ধর্মীয় গ্রন্থতে উল্লেখ আছে যে ভগৱানৰ কোনো নাম নাই, তেও সর্বশক্তিমান, সকলোৰে প্রতি তেখেত নির্বিকাৰ, তেও সর্বত্র আৰু তেও সকলো ভাষা বুজি পাই। তেওৰ কোনো শত্রু নাই।

মই ভগবানক বিচাৰি উলিয়াবলৈ এই কেইটা তথ্যকে সৰোগত কৰি আগ বাঢ়িছিলো আৰু, বিশ্বাস কৰক মই তেখেতক বিছাৰি পালো।

সৌ সিদিনা বিহাৰ ৰাজ্যলৈ গৈছিল। তাৰে গয়া নামৰ জিলা খনত থকা বুদ্ধ গয়া লৈও গৈছিলো। পিছে নাই তাতো ভগৱা্নৰ সন্ধান নাপালো। হতাশ হৈ গয়া ৰেল স্টেসনৰ প্লেটর্মত বহি আছিলো। হয়তো অলপ টোপনি আহিছিল, তেনেতে মোৰ জীনছটোত কোনোবাই টনা যেন পাই খকা-মকাকৈ চকু মেলি দেখিলো এক বৃদ্ধ যাৰ পিন্ধনত শতচিন্ন বস্ত্র, লাজ নিবাৰণৰ বাবে কোনো পধ্যে যস্থেস্ত নহয়। তেনে ক্ষেত্রত সন্ধ্যাৰ ঠাণ্ডা খিনিৰ বাবে সেই বস্ত্র কেৱল এক সাক্ষী মাত্র। বৃদ্ধৰ চকুৰ চাৱনিত শূন্যতা, নির্বিকাৰ, মানুহৰ পৰা পোৱা তিৰস্কাৰে যি দৰে কোনো প্রতিক্রিয়া কৰিব পৰা নাই ঠিক তেনেদৰে কাৰোবাৰ কৰুণা ভৰা এষাৰি মাতেও!

মই হাতত থকা কেকৰ পেকেটটো তেওঁ দি দিলো, ভাবিলো আতৰি যাব। পিছে তেওঁ তাতে সেইটো খোলি, অলপ আগতে তেওঁক জোকাই আমনি কৰি থকা প্লেটর্ফমৰ আঘৰী ল’ৰা কেইটাৰ মাজত বিলাই দিলে। মই কৌ্তুহল বশতঃ তেওঁৰ লগত কথা পাতিবলে যত্ন কৰি্লো। তেতিয়া সেই ল’ৰা কেইটাৰ মাজৰে এটাই সেমেনা সেমেনিকৈ কলে যে তেওঁ কাণেৰে নুশুনে আৰু কথা কবও নোৱাৰে।

মই ল’ৰাটোক বৃদ্ধজনৰ বিষয়ে সুধিবলৈ ধৰিলো। তেওৰ নাম কোনোৱে নাজানে। প্লের্ফমতে থাকে, কেতিয়াবা কোনোবাই ঠাণ্ডাত কেকাই থাকিলে নিজৰ ধূতিখন খুলি গাৰ ওপৰত দি দিয়ে। যি পাই তাকে সকলোকে ভগাই দিয়াৰ পিছত যি খিনি বাচে তাৰেই নিজৰ ক্ষুদ্ধা নির্বাপিত কৰে। মানুহ জনে সকলোৰে লগত কথা পাতে নিজ ভাষাত। তেওৰ জাৰ- জহ বুলিবলৈ নাই, যেন সর্বশক্তিমান।

মোৰ আনুভৱ হল এয়াই যেন ভগৱান,কাৰণ আগতে উল্লেখ কৰা প্র্ত্যেকটো গুণেই তেওঁৰ মাজত আছে।

2 comments:

  1. eitu porha --- xomoy bahut kom


    http://beforeitsnews.com/alternative/2014/12/extreme-warning-from-god-about-imminent-judgment-3072886.html


    http://barthakur.com

    ReplyDelete
  2. ASORIT --- ITS A MIRACLE --- NOTICE THE DATE of the article published ---
    ITS DECEMBER 4th, 2014 whereas yours is DECEMBER 4th, 2011
    EXACT 3 YEARS ... I JUST NOTICED.

    ReplyDelete