Saturday, August 6, 2011

বাৰিষাৰ কিছু আবগুন্ঠনঃ

বাৰিষাৰ কিছু আবগুন্ঠনঃ

আকৌ মেঘৰ মাদল বজাই চিক-মিক বিজুলীএ নাচোন আৰম্ভ কৰাৰ লগে লগে মনটোএ মোৰ শৈশৱৰ দিন বোৰলৈ উৰা মাৰিছে। আজিও মোৰ বাবে বৰষা বৰ প্রিয়। তাহানিতে প্রাথমিক বিদ্যালয়ত পঢ়ি থাকোতে বাৰিষা আহিল বুলিলে মনটো উগুল থুগুল হয়। কাৰণ গৰমৰ বন্ধ পোৱাৰ আগলি বতৰা যেন বাৰিষাৰ মেঘৰ গাজনীয়ে সকলোকে জনাই দিয়ে। খাল পুখুৰীবোৰ উপচি পৰে। মোৰ সৰু মামাৰ লগত বৰশী বোৱা আৰু খেৱালী জাল মাৰিবলৈ যোৱাতো গৰমৰ বন্ধ বোৰৰ প্রধান আকর্ষণ আছিল।

সৰু সৰু ল’ৰা বোৰে মিলি স্কুল ফিল্ডত বল খেলিছিলো। বল খেলা নিমিত্তহে আছিল, পানী খেলাই আছিল আমাৰ আনন্দ। খুব জোৰকৈ বৰষুণ দিয়াৰ পাছত চোতালত বলা পানীৰ সোঁতত কাগজৰ নাও চলাই চলাই ভাবিছিলো আমাৰ নাও বোৰ বৰষুণৰ পানীয়ে উটোৱাই নি সাগৰত পেলাবগৈ। কিতাপত পঢ়া বিভিন্ন সাগৰ বোৰৰ মাজৰ কোনখনত পৰিবগৈ তাকে সুধি মাক আমনি কৰিছিলো। কেতিয়াবা খুব বেছি বৰষুণ দিলে আমাৰ খেলা বন্ধ হৈছিল, তেতিয়া ৰামায়ণ-মহাভাৰত চাই বনাই লোৱা বাহঁৰ ধনু খনেৰে আকাশখন ফুটাই দিয়াৰ কথা ভাবিছিলো।

বৰষুণৰ দিন কেইটাত আৰু এটা দুস্টালি কৰিছিলো। কল গছৰ ভূৰ বনাই চলাইছিলো। এবাৰ যিহে কাণ্ড হ’ল, আমি কেইটামান তিখৰে মিলি ককাহঁতৰ কল গছ কাটি ভূৰ বনোৱাত ব্যস্ত। তেনেতে আহক নর্মাল স্কুলৰ ৰিটায়াৰড শিক্ষক ককা সেইফালে, আমি দেখি দিলো ফাৰিং চিটিকা। আমাৰ মাজৰে এটাই ভয়তে বাট পাহৰি ককাৰ আগত পৰক, ককাই ৰংগা চকু দেখুৱাই তাক কটা কল গছ জোৰা লগাবলৈ আদেশ দিলে। তাৰ সেই ফালেই পেন্ট তিতি গ’ল। তাৰ পিছতো আমাৰ আভিযান চলি আছিল।

পথাৰত হাল বোৱা আৰু ভূঁই ৰুৱা কেইদিনত আমাৰ আনন্দ আৰু বাঢ়ে। ৰাতি পুৱা পথাৰৰ বোকা ফালি হালোৱা ভাত দিবলৈ যাৱ, লগতে নিজৰ ভাত কেইটাও বান্ধি লৈ যাৱ। পথাৰৰ আলিৰ মোৰত বহি ভাত খোৱাৰ আমেজই বেলেগ। ভাত খোৱাৰ পিছত নাংগলৰ সিৰলুত ক’মাই থকা মোৱা মাছ বোৰ খেদি খেদি ধৰিছিলো। কেতিয়াবা হালোৱাৰ লগত ভাত নাখাই, সেই সুযোগতে নাংগলত হাত থৈ বিখ্যাত খেতিয়ক হোৱাৰ সপোন দেখিছিলো আৰু গৰু হালে কথা নুশুনাৰ বাবে সেই সপোন নিমিষতে ধুলিস্যাৎ হৈছিল।

গাওৰ আলি বোৰত জমা হোৱা ঘোলা পানীবোৰে আজিৰ দৰে তাহানি আমনি নকৰিছিল,বৰঞ্ছ ভাল হে লাগিছিল। আলিৰ কাষৰ আমলখি বোৰৰ কেহাঁ সোৱাদ আজিও লাগি আছে, বৰং খোৱাৰ পিছত পানী খালে মিঠা লগাৰ দৰে সোঁৱৰণীৰ কুঁৱলী আধিক মাদকতাময় কৰিছে।

ধ্রুৱজ্যোতি গগৈ

No comments:

Post a Comment