Monday, August 29, 2011

এটা নস্ট আবেলি

কোনোবা এটা দেওবাৰে সপ্তাহান্তিকাৰ এলেহুৱা নিদ্রাৰ কোলাৰ পৰা নিজকে বহু কস্টৰে মুক্ত কৰিছিলো মাত্র। মহা আৰামত চিগাৰেট টনি থকা আপুৱে কৈ উঠিল "বল আজি বিশ্ববিদ্যালয়ৰ দিনবোৰৰ নিচিনা কৈ মুকলি হৈ যাওঁ বল"! মনৰ মাজেৰে এসোতা বিজুলী দৌৰি যোৱা যেন লাগিল। জেক জপিয়াই ওঠিল। মইও প্রাৰাম্ভিক খুন্দাটো সম্ভালি লৈ হয়ভৰ দিলো।
তৎক্ষণাত সাজো হৈ চেকুঁৰ মেলিলো জালুকবাৰিলৈ। দুখন বাইকট তিনিটা এৰাল ছিগা গৰু। মনটোক ধৰি ৰাখিব পৰা নাই। চিধাই গৈছিলো নিজৰ হস্টেললৈ বুলি।
চিধাই গৈছিলো লংকেশ্বৰ আভিজ্ঞান আমাৰ বহু কাণ্ডৰ নিৰৱ সাক্ষী। গেটৰ মুখতেই শুনিছিলো...।
আগলি বতাহে কপালে
কলৰে পাতে।।
বুজো কি নূবূজো
চিনাকী কুলিৰে মাত।।
কাৰোবাৰ মিউজিক ছিস্টেমৰ পৰা ভাহি আহিছিল জয়ন্তদাৰ দৰদী কন্ঠ। নিজৰ কোঠাটো চাইছিলো নিজে পঢ়া টেবুল খন নিজে লাগোৱা পষ্টাৰ কেইখন..................।
আবেগ সামৰি পুনৰ বাইক ষ্টাৰত দিছিলো ইউনিচিতিৰ মার্কেট আভিমুখে।। পুনৰ আদ্দা দিছিলো কৃষ্ণচূঢ়াৰ ছাঁত স্প্রাইত খাই খাই।। মনত পেলাইছিলো সাগৰীকা বৰৰ্দলৈ্ক......।।
আগতে ক্লাচ শেষ কৰি মৰা আদ্দাবোৰ।।
ভেলেন্টাইন দেৰ দিনা ভেলেন্টাইন কার্ড জেৰক্স কৰি ছোৱালী হষ্টেলত নিজৰ নাম লিখি বিলাই দিয়া। ৰ'দ চাইদ ৰোমি' হৈ মইনা জোকোৱা আৰু হাফ কাটিং চাহ লৈ পৃথিৱী উদ্ধাৰৰ আচনি বনোৱা...।।
বহু নষ্টালজিয়া চকুৰ আগত আগাদেৱা কাৰিবলৈ ধৰিলে...
"বল মইনা জোকাৱ!" জেকৰ আচম্বিত প্রস্তাব......বল RCC4 ছোৱালী হষ্টেল যাৱ তাত মোৰ COUSIN SISTER ক লগ কৰাও হব আৰু আমাৰ মইনা চোৱা কাম ফেৰাও হব। সাতে পাচেঁ মিলি তাকে কৰি্লো। পিচে গেট খন পাৰ হ'ব নাপাওতেই মইনা সকৰ্লৰ মিঠা তিতকাৰী আৰম্ভ হৈ গ'ল। আমিও পিচ পৰা ভকত নহয়। প্রায় এঘণ্টা মান তাত কটাই আমি গলো নুনমাটীৰ ফালে আমাৰ হাতত আফুৰন্ত সময়।
তাত ঘুৰি পকী নির্ণয় কৰি্লো ভালুক চিকাৰ কৰা হওক, মানে beer খোৱা যাওক খাৰঘুলিত গৈ। ভবামতে কাম।। ভালুক চিকাৰ কৰি গুৱাহাটী খনৰ ৰূপ উপভোগ কৰি ঘৰ পাইছিলো প্রায় ১০ টামান বজাত। লগত আছিল এটা ফ্রেচ মন............

1 comment: